অসম

assam

ETV Bharat / state

শিলচৰ মেডিকেল কলেজত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - section 144 imposed in Cachar

শিলচৰৰ মেডিকেল কলেজত উপস্থিত হ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নিহতসকলৰ পৰিয়ালক সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

শিলচৰ মেডিকেল কলেজত পৰিমল শুক্লবৈদ্য

By

Published : Nov 1, 2019, 3:18 PM IST

শিলচৰ,1 নৱেম্বৰ: শিলচৰৰ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাচতে বৃহস্পতিবাৰে নিশা শিলচৰ মেডিকেল কলেজত উপস্থিত হয় বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ শিলচৰৰ মেডিকেল কলেজত উপস্থিত হৈ আহত সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নিহত পৰিয়ালৰ লোকক সান্তনা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ঘটনাত নিহত সোনালী দাস আৰু পম্পী দে'ৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সান্তনা প্ৰদান কৰে পৰিমল শুক্লবৈদ্যই ৷

শিলচৰ মেডিকেল কলেজত পৰিমল শুক্লবৈদ্য

উল্লেখ্য যে,বুধবাৰে শিলচৰ চহৰৰ বীৰবল বজাৰত সংঘটিত এক দুৰ্ঘটনাৰ ফলত দুগৰাকী ছোৱালী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ৷ এই ঘটনাৰ পাচতে শিলচৰ চহৰৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰাৰ লগতে বহু কেইখন বাহন ভাঙি চূৰ-মাৰ কৰে ৷ ইয়াৰ পাচতে কাছাৰৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ অধীনত কাছাৰ জিলাত 144 ধাৰা বলবৎ কৰে ৷ ইয়াৰ ফলত অঞ্চলটোত পাঁচ বা তাতোকৈ বেছি লোকৰ সমাবেশ আৰু চলাচল নিষিদ্ধ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details