কাছাৰ, 15 আগষ্ট :ভূমি সংঘাতৰ বাবেই গুলিবিদ্ধ হ’বলগীয়া হ’ল কাছাৰ জিলাৰ বেৰঙা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী ৷ শুকুৰবাৰে নিশা প্ৰতিৱেশীৰ ভূমি সংক্ৰান্তীয় বিবাদ মীমাংসা কৰিবলৈ গৈ গুলিবিদ্ধ হয় নাজিৰ হুছেইন বৰভূঞা ৷
ঘটনা অনুসৰি শুকুৰবাৰে নিশা প্ৰায় 10.45 বজাত আলাউদ্দিন লস্কৰ আৰু নাজিম উদ্দিন লস্কৰ নামৰ দুজন ব্যক্তিৰ মাজত ভূমিক লৈ কাজিয়াৰ সূত্ৰপাত হয় ৷ কাজিয়াৰ শব্দ পাই নাজিৰ হুছেইন বৰভূঞাই তাত উপস্থিত হৈ দুয়োকে বুজাবলৈ চেষ্টা কৰে ৷ লগতে সমগ্ৰ ঘটনা শনিবাৰে মীমাংসা কৰি দিয়া হ’ব বুলিও কয় নাজিৰ হুছেইনে ৷