কাছাৰ, 5 ছেপ্টেম্বৰ : কাগজ কলৰ আৱাসিক এলেকা খালি কৰাৰ নিদেৰ্শনাৰ জাৰি কৰাৰ পাছতেই শনিবাৰে উত্তাল হৈ পৰে কাছাৰৰ পাঁচগ্ৰাম কাগজ কল চৌহদ ৷ লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰা নিদেৰ্শনাক লৈ সৰৱ হৈ পৰে কাগজ কলটোৰ কৰ্মচাৰীসকল ৷ যাৰবাবে কাগজ কলটোৰ কৰ্মচাৰী আৰু বিভিন্ন ইউনিয়ন প্ৰতিনিধিসকলে শনি মন্দিৰৰ সমীপত প্ৰতিবাদ কৰ্যসূচী ৰূপায়ন কৰে ৷
প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজ কল - কাছাৰ কাগজ কল
দুখে কুলাই-পাচিয়ে নধৰা হৈছে কাগজ মিল কৰ্মচাৰীৰ ৷ লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক ১৫ দিনৰ ভিতৰত আৱাসসমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে । এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে কাগজ কল দুটাৰ চৌহদ ।

কাগজ কলৰ আৱাসিক এলেকাত থকা কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়ক, তেতিয়াহে তেওঁলোকে আৱাসিক এলেকা এৰি যাব বুলি হুংকাৰ দিয়ে ৷ তেওঁলোকে লগতে লিকুইডেটৰ কুলদীপ বাৰ্মাই কিহৰ ভিত্তিত কৰ্মচাৰীসকলক পোন্ধৰ দিনৰ ভিতৰত আৱাসিক এলেকা এৰি যোৱাৰ নিৰ্দেশ দিয়ে, তাকে লৈ কুলদীপ বাৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কৰ্মচাৰীসকলকৰ 57 মাহৰ দৰ্মহাৰ ব্যৱস্থা নকৰি আৱাসিক গৃহ খালি কৰাৰ নিৰ্দেশ দিয়াৰ সাহস কিদৰে পালে বুলিও প্ৰশ্ন কৰে লিকুইডেটৰ কুলদীপ বাৰ্মাক ৷
লগতে পঢ়ক :পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ