শিলচৰ,8 জুন:ক’ভিড মহামাৰীৰ দ্বিতীয়টো লহৰত অক্সিজেনৰ নাটনিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ দিল্লী, মহাৰাষ্ট্ৰ আদিৰ দৰে ৰাজ্যত অক্সিজেনৰ নাটনি হোৱাত বহুসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে ৷ তেনে এক সময়তে অসমত যাতে অক্সিজেনৰ নাটনি নহয়, তাৰ বাবে সচেতন হৈছে চৰকাৰ তথা প্ৰশাসন ৷
কাছাৰ জিলাৰ বৰখলা প্রাথমিক স্বাস্থ্যকেন্দ্রত বিধায়ক পুঁজিৰ ধনৰ পৰা অক্সিজেন কনচেণ্ট্ৰেটৰ(oxygen concentrator) প্ৰদান কৰিলে বিধায়ক মিছবাহুল ইছলাম লস্কৰে । সোমবাৰে জিলা উপায়ুক্ত কীর্তি জল্লীৰ উপস্থিতিত স্বাস্থ্যকর্মীসকলৰ হাতত তুলি দিয়া হয় এই অত্যাৱশ্যকীয় অক্সিজেন কনচেণ্ট্ৰেটৰ ।