শিলচৰ,12 এপ্ৰিল:আইপিএল খেলে যেন কাল হ’ল এজন যুৱকৰ ৷ প্ৰিয় দল কেকেআৰৰ খেল চোৱাৰ বাবে টিভিৰ ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ এই কৰুণ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ভাগা বনগ্ৰামত ৷ মৃত যুৱকজন ৩৫ বছৰীয়া ৰিংকু শীল ৷
আইপিএল খেলে কাল হ’ল যুৱকৰ - টিভিৰ এন্টেনা
আইপিএল খেলে যেন কাল হ’ল এজন যুৱকৰ ৷ প্ৰিয় দল কেকেআৰৰ খেল চোৱাৰ বাবে টিভিৰ ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ এই কৰুণ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ভাগা বনগ্ৰামত ৷ মৃত যুৱকজন ৩৫ বছৰীয়া ৰিংকু শীল ৷

আইপিএল খেলে কাল হ’ল যুৱকৰ
ঘটনাৰ বিৱৰণী অনুসৰি, ৰিংকু শীল নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া অনুষ্ঠিত কলকাতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ উপভোগ কৰাৰ উদ্দেশ্যে ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদত উঠে ৷ মুহুৰ্ততে দেৱাল ভাঙি ওপৰৰ পৰা মাটিত পৰি যায় ৰিংকু ৷ দেৱালখনে আহি ৰিংকুক হেঁচা মাৰি ধৰাত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ ৷ পিছে স্থানীয় লোকসকলে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ যুৱকজনৰ এনে মৃত্যুৰ পিছত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷