অসম

assam

ETV Bharat / state

শিলচৰ ডিটেনচন কেম্পৰ পৰা মুকলি এজন বৰ্ষীয়ান লোকক - শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পৰ পৰা ৰেহাই বৰ্ষীয়ান লোকক

বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে ৰায়দান কৰাৰ ফলত বিগত কেইবা বছৰ ধৰি ডিটেনচন কেম্পত আছিল কানু পাল

শিলচৰ ডিটেনচন কেম্প
শিলচৰ ডিটেনচন কেম্প

By

Published : Mar 22, 2020, 4:22 AM IST

শিলচৰ, 21 মাৰ্চ : এবছৰৰো পূৰ্বে সৰ্বোচ্চ আদালতে প্ৰদান কৰা এখন অন্তৱৰ্তী আদেশৰ পাছত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পৰ এজন বৰ্ষীয়ান অসুস্থ ব্যক্তিক অৱশেষত মুকলি কৰা হ'ল। সীমান্ত আৰক্ষী বিভাগৰ বিশেষ সঞ্চালক প্ৰধানৰ নিৰ্দেশত শনিবাৰে সন্ধিয়া হাইলাকান্দিৰ কাঠলীছৰা সমষ্টিৰ ৰামপুৰ গাঁৱৰ ৭৮ বছৰীয়া কানু পালক মুকলি কৰা হয়। জানিব পৰা মতে, বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে ৰায়দান কৰাৰ ফলত বিগত কেইবা বছৰ ধৰি ডিটেনচন কেম্পত আছিল কানু পাল। ডিটেনচন কেম্পত থাকোটেই শাৰীৰিকভাৱে কেবাবাৰো অসুস্থ হৈ পৰিছিল লোকজন ৷ স্ট্ৰোক , পেৰালাইসিসৰ বাবে কানু পালক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছিল । উল্লেখ্য যে, বৰ্তমান মুকলি আকাশৰ তলত আহি আত্মীয়ৰ স'তে আনন্দিত হৈ পৰিছে লোকজন ৷

শিলচৰ ডিটেনচন কেম্প

For All Latest Updates

TAGGED:

silchar

ABOUT THE AUTHOR

...view details