কাছাৰ, 13 জুলাইঃ উধাৰবন্দ সমষ্টিৰপৰা কাশিপুৰ জিপিৰ ২য় খণ্ডত কোনো কাম নকৰাকৈয়ে ঠিকাদাৰ সকলে এনৰেগাৰ নামত টকা তোলাৰ অভিযোগ উত্থাপন হৈছে ৷ আব্দুল হুছেইন,লস্কৰ,বাদচা মিয়া লস্কৰ,আব্জল হুছেইন লস্কৰ,সেবুল হুছেইন লস্কৰ,চাহাব উদ্দিন বৰভূঞা (ওয়াটাৰ টেন্ক) নামৰ এই পাঁচ জন ঠিকাদাৰৰ ওপৰত অভিযোগ উত্থাপন হৈছে ৷
উধাৰবন্দ বিধানসভা সমষ্টিত দুৰ্নীতিৰ অভিযোগ - উধাৰবন্দ বিধানসভা সমষ্টি
কাছাৰৰ উধাৰবন্দ বিধানসভা সমষ্টিত পাঁচগৰাকীকৈ ঠিকাদাৰে এনৰেগাৰ নামত ধন লুটি খোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ লগতে বিভাগীয় কৰ্তৃপক্ষকো এই ক্ষেত্ৰত জগৰীয়া কৰিছে স্থানীয় ৰাইজে ৷
উধাৰবন্দ বিধানসভা সমষ্টিত দুৰ্নীতিৰ অভিযোগ
সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে যোগাযোগ কৰিলেও কোনো সদোত্তৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই । বিষয়টো লৈ কাছাৰৰ উপায়ুক্তৰ ওচৰত এখন স্মাৰক দাখিল কৰিছে স্থানীয় ৰাইজে ৷ কিন্তু বৰ্তমানলৈকে কোনো সুফল পোৱা নাই দৰিদ্ৰ ৰাইজে ৷ এই দুৰ্নীতিত পাঁচজন ঠিকাদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষও জড়িত হৈ আছে বুলি অভিযোগ তৰিছে উধাৰবন্দৰ ৰাইজে ৷
লগতে পঢ়কঃগুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান