শিলচৰ, 11 মাৰ্চ: এইবাৰৰ বিধানসভা নিৰ্বাচনত উধাৰবন্ধ সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় তনয় ৰাহুল ৰয়ে ৷ বুধবাৰে শিলচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে আলগাপুৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পুত্ৰ ৰাহুল ৰয়ে ৷ পিতৃয়ে কাটিগড়া সমষ্টিৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব পোৱাৰ পিছত পুত্ৰই উধাৰবন্ধ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীর্ণ হ’ব এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত ৷ বুধবাৰে যথেষ্ট সংখ্যক সমৰ্থকেৰে বিশাল বাইক ৰেলি কৰি গৈ শিলচৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰাহুল ৰয়ে দাখিল কৰিলে নিজৰ মনোনয়ন পত্ৰ ৷
গৌতম ৰয়ৰ পুত্ৰ ৰাহুলেও দাখিল কৰিলে মনোনয়ন - INDEPENDENT
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শিলচৰতো বুধবাৰৰ পৰা আৰম্ভ হ’ল মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া ৷ এইবাৰ উধাৰবন্ধ সমষ্টিৰ পৰা প্ৰতিদন্দিতা আগ বঢ়াব প্ৰাক্তন বিধায়ক গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ে ৷ বুধবাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাহুল ৰয়ে ৷
গৌতম ৰয়ৰ পুত্ৰ ৰাহুলেও দাখিল কৰিলে মনোনয়ন
মনোনয়ন পত্ৰ দাখিলৰ অন্তত প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, উধাৰবন্ধৰ ৰাইজে যিহেতুকে তেওঁক বিচাৰিছে, সেয়ে তেওঁ নিজ সমষ্টি এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উধাৰবন্ধৰ পৰা নিৰ্বাচন খেলিব ৷ লগতে সমষ্টিবাসীৰ স্বার্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, সমষ্টিটোত তেওঁৰ জয় নিশ্চিত ৷ উল্লেখ্য যে, উধাৰবন্ধত কংগ্ৰেছ প্ৰাৰ্থী অজিত সিং আৰু বিজেপি প্ৰাৰ্থী মিহিৰ কান্তি সোমৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিব ৰাহুল ৰয়ে ৷