শিলচৰ, 29 নৱেম্বৰঃ শিলচৰ চহৰৰ মেহেৰপুৰত থকা অনাথ আশ্ৰমৰ অৱস্থা পুতৌজনক ৷ আশ্ৰমখনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা প্ৰশাসন ৷
উল্লেখ্য যে, শিলচৰৰ মেহপুৰত অসহায় অনাথ লোকৰ বাবে ৬১ বছৰ আগতে বনোৱা হৈছিল এখন অনাথ আশ্ৰম ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, এতিয়া লৈ কিন্তু সম্পূৰ্ণ হৈ নুঠিল আশ্ৰম খনৰ সকলো ব্যৱস্থা ৷ অনাথ আশ্ৰমখন আজিলৈকে নিজেই অনাথ হৈয়ে পৰি ৰ'ল। দৰিদ্ৰ তথা অসহায় লোকসকল থকাৰ বাবে নাই এটা ভাল ঘৰ। অতি পৰিতাপৰ বিষয় যে, আৱাসীসকলৰ বাবে নাই কোনো খোৱা পানীৰ ব্যৱস্থা। তাৰোপৰি আৱাসটোত নাই শৌচাগাৰ লগতে উপযুক্ত বিজুলী সংযোগৰো ব্যৱস্থা ৷
৬১ বছৰে সম্পূৰ্ণ নহ'ল মেহেৰপুৰত থকা অনাথ আশ্ৰমঃ নাই খোৱা পানী নাই বিজুলী সংযোগ - মেহেৰপুৰ
শিলচৰত 61 বছৰে কোনো এখন চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে অনাথ আশ্ৰম ৷ ৰাইজক প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়েই দিয়ে মন্ত্ৰী-বিধায়কে, কিন্তু কামতহে নিদিয়ে হাত ৷
![৬১ বছৰে সম্পূৰ্ণ নহ'ল মেহেৰপুৰত থকা অনাথ আশ্ৰমঃ নাই খোৱা পানী নাই বিজুলী সংযোগ ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5216490-thumbnail-3x2-silsar.jpg)
৬১ বছৰে সম্পূৰ্ণ ন'হল মেহেৰপুৰত থকা অনাথ আশ্ৰমঃ নাই খোৱা পানী নাই বিজুলী সংযোগ
৬১ বছৰে সম্পূৰ্ণ ন'হল মেহেৰপুৰত থকা অনাথ আশ্ৰমঃ নাই খোৱা পানী নাই বিজুলী সংযোগ
দীৰ্ঘদিন ধৰি চৰকাৰ তথা প্ৰশাসনক উক্ত বিষয়বোৰ জনাই আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সকলোৱে প্ৰতিশ্ৰুতি দিছে যদিও আজিলৈকে কোনো এখন চৰকাৰৰে চকুত নপৰা বুলি ক্ষোভ ব্যক্ত কৰিছে ৰাইজে ৷ অতি শীঘ্ৰে আশ্ৰম খনৰ সকলো ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷