শিলচৰ, 27 জানুৱাৰী : বিগত 26 দিন ধৰি এমজি এনেৰেগা প্ৰকল্পৰ অধীনত কাম কৰা শ্ৰমিকে মজুৰি লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে কাছাৰ জিলাৰ ধলাইৰ পালংঘাট উন্নয়নখণ্ডৰ অন্তৰ্গত পালংঘাট গাঁও পঞ্চায়তৰ একাংশ শ্ৰমিকে ৷ প্ৰাপ্য মজুৰি নাপাই এতিয়া 43 জন জবকাৰ্ড শ্ৰমিকৰ পৰিয়াললৈ নামি আহিছে অন্ধকাৰ ৷
কাছাৰত প্ৰাপ্য ধন নাপাই হাহাকাৰ জবকাৰ্ড শ্ৰমিকৰ - কাছাৰ জিলা
প্ৰাপ্য মজুৰি নাপাই কাছাৰৰ 43 জন জবকাৰ্ড শ্ৰমিকৰ হাহাকাৰ ৷ বিগত 26 দিন ধৰি এমজি এনেৰেগা প্ৰকল্পৰ অধীনত কাম কৰি দৰমহা নাপালে শ্ৰমিককেইজনে ৷
![কাছাৰত প্ৰাপ্য ধন নাপাই হাহাকাৰ জবকাৰ্ড শ্ৰমিকৰ No payment job card holders under mgnrega](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10404271-524-10404271-1611767423115.jpg)
কাছাৰত প্ৰাপ্য ধন নাপাই হাহাকাৰ জবকাৰ্ড শ্ৰমিকৰ
ইফালে বিভাগীয় কতৃপক্ষই কাম ভালদৰে নোহোৱা বুলি অভিযোগ কৰিছে ৷ যাৰ ফলত শ্ৰমিক কেইজনে এতিয়া নিজৰ প্ৰাপ্য ধন বিচাৰি হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শ্ৰমিক কেইজনে অতি সোনকালে তেওঁলোকৰ মজুৰিৰ ধন আদায় কৰিবলৈ অনুৰোধ জনাইছে ৷
লগতে পঢ়ক: শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই