শিলচৰ, 29 জানুৱাৰী : শুকুৰবাৰে শিলচৰ চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এনআইটিৰ কৰ্মচাৰী সকলে ৷ কৰ্মচাৰী সকলে ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপয়ন কৰে ৷ যোৱা 22 জানুৱাৰী পৰা এনআইটিৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰা কথা সাংবিদকক জানিবলৈ দিছে ৷
প্ৰতিবাদস্থলীত সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰী সকলে কয়, শিলচৰ এনআইটিৰ মাষ্টাৰ ৰুলৰ কর্মচাৰীসকলৰ চাকৰি আজিও স্থায়ীকৰণ হোৱা নাই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰ্মচাৰী সকলৰ চাকৰি স্থায়ীকৰণৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰিছিল যদিও আজিকোপতি চাকৰি স্থায়ীকৰণ নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে এনআইটি কৰ্মচাৰীসকলে ৷