1.18 টা হাতীৰ মৃত্যুৰ তদন্ত কৰিব খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নগাঁৱৰ তপত জুৰিত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ আজিও নহ’ল উচ্চ পৰ্যায়ৰ কোনো তদন্ত । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক প্ৰশ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীয়ে ।
2.বিয়াৰ ৰভা তলিৰ পৰা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী
বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী । দিন বেয়া আছিল দৰাৰ । ৰভাতলীৰ পৰা আৰক্ষী চকী পালে দৰা । সাজি-কাঁচি দৰা উপস্থিত হৈছিল কইনাৰ ঘৰত ।
3.চামগুৰি আৰক্ষীৰ জালত পৰিল দুটাকৈ গভাইত চোৰ
বুধবাৰে নিশা চামগুৰি আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চোৰ । চোৰ দুটা হৈছে বাজিয়াগাঁৱৰ আমজাদ আলী আৰু হজৰত আলী ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে নিশা বাজিয়াগাঁৱত অভিযান চলাই চুৰি কম্পিউটাৰৰ এটা ছেটসহ আমজাদ আলী আৰু হজৰত আলী নামৰ দুজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ চুৰি কৰা সামগ্ৰীখিনি কিছুদিন পূৰ্বে চামগুৰি আৰক্ষী থানাৰ সমীপৰে পূৰ্ণিমা শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এই চুৰি ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
4.জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক
জুলাইৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰিছে এই কথা ৷ এই পৰ্যন্ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিছে 2.19 কোটিৰো অধিক প্ৰতিষেধক ৷
5.মহিলাসকললৈ তেলেংগানাৰ পৰিবহণ নিগমৰ বিশেষ সুবিধাৰ ঘোষণা
এতিয়াৰে পৰা সন্ধিয়া ৭.৩০ বজাৰ পাছত যিকোনো স্থানতে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগম(Telangana State Road Transport Corporation)ৰ বাছত উঠিব পাৰিব মহিলা যাত্ৰীয়ে । মহিলা যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যিক পথ পৰিবহণ নিগমে । সন্ধিয়া ৭.৩০ বজাৰ পাছত মহিলা যাত্ৰীয়ে যি স্থানতে বাছ ৰখাবলৈ অনুৰোধ জনায়, সেই স্থানতে বাছ ৰখাবলৈ চালক আৰু হেণ্ডিমেনক নিগমে নিৰ্দেশ দিছে ।