শিলচৰ, ৪ অক্টোবৰ: চিকিৎসালয়ত মৃত ঘোষিত এটি সদ্যোজাত শিশু জীৱিত হৈ উঠিল শ্মশানত ৷ এইখন অসমৰে শিলচৰত ঘটিছে এই আজৱ ঘটনা । জন্মৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি নৱজাতকক শশ্মানলৈ নিয়াৰ পাছত হ’ল জীৱিত ৷
বৰাক উপত্যকাৰ শিলচৰৰ এখন বেচৰকাৰী চিকিৎসালয়ৰ আজৱকাণ্ডই এতিয়া হতচকিত কৰি তুলিছে সকলোকে ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ লাইফ লাইন নামৰ নাৰ্চিং হোমখনত ৷ প্ৰসৱ বেদনাত শিলচৰ চাতলা ৰতনপুৰৰ এগৰাকী মহিলাক লাইফ লাইন নাৰ্ছিং হোমত মঙলবাৰে ভৰ্তি কৰোৱা হৈছিল ৷
নিশালৈ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে মহিলাগৰাকীয়ে ৷ কিন্তু জন্মৰ পাছত সদ্যোজাত শিশুটিৰ মৃত্যু ঘটিছে বুলি চিকিৎসকে পৰিয়ালৰ সদস্যসকলক অৱগত কৰে ৷ সেই অনুসৰি শিশুটিৰ সৎকাৰ কৰিবলৈ বুধবাৰে আগবেলা শিলচৰ শ্মশানলৈ লৈ যায় পৰিয়ালৰ লোকসকলে ৷ কিন্তু মৃত ঘোষিত শিশুটিক শ্মশানলৈ লৈ যোৱাৰ পাছত ঘটিল এক আশ্চৰ্যজনক ঘটনা ।
সৎকাৰৰ ব্যৱস্থা কৰিবলৈ লওঁতেই হঠাৎ কান্দি উঠিল কণমানি শিশুটিয়ে ৷ লগে লগে শিশুটিক নাৰ্চিং হোমলৈ লৈ আনে পৰিয়ালৰ লোকে ৷ বৰ্তমানে শিশুটিক নাৰ্চিং হোমৰ আইচিইউত (ICU) ৰখা হৈছে ৷ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিলচৰত ।