অসম

assam

ETV Bharat / state

কাছাৰৰ নতুন আৰক্ষী অধীক্ষক বনৱাৰীলাল মিনা - বনৱাৰীলাল মিনা

কাছাৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে আইপিএছ বনৱাৰীলাল মিনাই । দায়িত্বভাৰ গ্ৰহণ কৰি, জিলাখনৰ আইন শৃংখলা ৰক্ষাৰ লগতে সকলো নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ।

বনৱাৰীলাল মিনা
বনৱাৰীলাল মিনা

By

Published : Jul 15, 2020, 12:41 PM IST

শিলচৰ, 15 জলাই: বুধবাৰে কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে আইপিএছ বনৱাৰীলাল মিনাই । বুধবাৰে পুৱা মানবেন্দ্ৰ দেবৰয়ৰ পৰা কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিজৰ দায়িত্ব গ্ৰহণ কৰে নতুন আৰক্ষী অধীক্ষক গৰাকীয়ে । ইয়াৰ পূৰ্বে উত্তৰ গুৱাহাটীৰ আৰক্ষী উপআয়ুক্ত আৰু শদিয়াৰ আৰক্ষী অধীক্ষক পদত অধিস্থিত আছিল আইপিএছ বনৱাৰীলাল মিনা । কাছাৰৰ আৰক্ষী অধীক্ষক পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই তেওঁ নিজা ধৰণেৰে কাম কৰাৰ লগতে, জিলাখনৰ আইন শৃংখলা ৰক্ষা কৰি, সকলো নাগৰিকৰে সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ।

কাছাৰৰ নতুন আৰক্ষী অধীক্ষকৰ পদত বনৱাৰীলাল মিনা

ABOUT THE AUTHOR

...view details