অসম

assam

কাছাৰত ভাতৃঘাতী সংঘৰ্ষত NNCৰ এজন সদস্য নিহত, এজন চিকিৎসাধীন

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:02 PM IST

অস্ত্ৰবিৰতিত থকা উগ্ৰপন্থী সংগঠন এন এন চিৰ এগৰাকী কেডাৰৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী সদস্যৰ মৃত্যু হয় ৷ সংগঠনটোৰ মাজত চলি থকা এক সভাৰ মাজতে সৃষ্টি হোৱা বাকবিতণ্ডাই চূড়ান্ত ৰূপ লৈ গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ ফলত সংগঠনটোৰ এগৰাকী সদস্যৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী আহত হয় ৷

Kachar NNC cadre
কাছাৰত ভাতৃঘাতী সংঘৰ্ষত NNCৰ এজন সদস্য নিহত

কাছাৰত ভাতৃঘাতী সংঘৰ্ষত NNCৰ এজন সদস্য নিহত

কৰিমগঞ্জ, 13 ডিচেম্বৰ :বহু ন-ন তথ্য পোহৰলৈ আহিছে অসম-মণিপুৰ সীমান্তত সংঘটিত গুলীচালনা ঘটনাৰ । উগ্ৰপন্থী সংগঠন এন এন চিৰ এগৰাকী সদস্যই নিজৰ সতীৰ্থক গুলীয়াই হত্যা কৰাত এজন সতীৰ্থ গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও আন এজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে ।

বৰদিনৰ অনুদান সংগ্ৰহৰ বাবে কাছাৰলৈ অহা উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলৰ মাজত কাজিয়াত সুত্ৰপাত হয় আৰু তেওঁলোকৰ মাজত গুলীয়াগুলী হয় ।

গুলীচালনাৰ ঘটনাত নিহত ব্যক্তিগৰাকী প্ৰথম অৱস্থাত স্থানীয় নাগৰিক বুলি ধাৰণা কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তৰ পাছত উগ্ৰপন্থীৰ গুলীচালনাত নিহত হোৱা ব্যক্তিজন স্থানীয় নহয় বুলি জানিব পৰা গৈছে ৷ তদন্তকাৰী কাছাৰ আৰক্ষীয়ে নিশ্চিত কৰা অনুসৰি নিহত লোকজন উগ্ৰপন্থী সংগঠনৰ সদস্য ৷ সহযোগী উগ্ৰপন্থীৰ গুলীচালনাৰ ফলতে উগ্ৰপন্থী সংগঠনৰ কেডাৰগৰাকী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে একেটা সংগঠনৰ দুজন সদস্যৰ মাজত হোৱা বিবাদৰ ফলত এজন সদস্যই আনজন সদস্যক গুলীয়াই হত্যা কৰে । কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তৰ জিৰিঘাট থানাৰ অন্তৰ্গত নামদৈলং পুঞ্জীত সংঘটিত হয় উক্ত ঘটনা ।

সতীৰ্থৰ গুলীত মৃত্যু হোৱা উগ্ৰপন্থী সংগঠনৰ সদস্যগৰাকীৰ নাম চংপো ৰংমাই ওৰফে চেলা ৰংমাই বুলি জানিব পৰা গৈছে । লাভ কৰা খবৰ অনুসৰি মঙলবাৰে বিয়লি অসম-মণিপুৰৰ সীমান্তৱৰ্তী নামদৈলং পুঞ্জীত নগা জাতীয়তাবাদী পৰিষদ (NNC) নামৰ উগ্ৰপন্থী সংগঠনটোৰ এখন বৈঠক অনুষ্ঠিত হয় । সেই সময়ত হঠাৎ সদস্যসকলৰ মাজত বিবাদৰ সূত্ৰপাত হয় । সেই বিবাদৰ ফলতে সংগঠনটোৰ এজন সদস্যই আন এজন সদস্যলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে, ফলত সংগঠনটোৰ সদস্যগৰাকীৰ থিতাতে মৃত্যু হয় ।

উক্ত ঘটনাত কানলুংগাই নামৰ আন এজন উগ্ৰপন্থী সদস্য গুৰুতৰভাৱে আহত হয় । আনহাতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি সমগ্ৰ অঞ্চলজুৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে তীব্ৰ অভিযান চলাই আছে । ডি আই জি কংকন জ্যোতি শইকীয়া, কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷

আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই এন এন চি নামৰ উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে আত্মগোপন কৰি আছে ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি; লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ

ABOUT THE AUTHOR

...view details