শিলচৰ, 18 এপ্ৰিল : শিলচৰ সৌৰাষ্ট্ৰৰ বালাছৰা-হাৰেঙাজাও পথৰ কাম ডেৰবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব । শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে শনিবাৰে বালাছৰা হাৰাঙাজাও পথৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি এই কথা ব্যক্ত কৰে । সাংসদগৰাকীয়ে পথটো পৰিদৰ্শন কৰি শিলচৰৰ-সৌৰাষ্ট্ৰ মহাচড়ক পথ নিৰ্মাণ কৰাটো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন আছিল বুলি উল্লেখ কৰে ।
ডেৰবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বালাছৰা হাৰেঙাজাও পথৰ কাম : ৰাজদীপ ৰয় - কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী
শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে শনিবাৰে বালাছৰা হাৰেঙাজাও পথৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহা পাচৰে পৰা মহাচড়কৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।
দেৰবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বালাছৰা হাৰাঙাজাও পথৰ কাম : ৰাজদীপ ৰয়
তেওঁ লগতে কয় যে, কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত মহাচড়ক নিৰ্মাণৰ কামে অগ্ৰগতি লাভ কৰা নাছিল । কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাচৰে পৰা মহাচড়কৰ কাম দ্ৰুতগতিত আগবাঢ়িছে । কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়েও প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।
লগতে পঢ়ক :আত্ম প্ৰকাশ কৰিলে নতুন অৰ্কেষ্ট্ৰা তেজপুৰ প্ৰতিধ্বনিয়ে
Last Updated : Apr 18, 2021, 10:58 AM IST