শিলচৰ, 1 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়া তথা বিভিন্ন আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱক ডিজিটেল গাঁৱলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলাইছে ৷ প্ৰতিখন গাঁওতে উপযুক্ত বাসস্থান, বিশুদ্ধ খোৱা পানী, বিদ্যুৎ যোগান আদিৰ জৰিয়তে গাঁও সমূহৰ বিকাশ কৰাৰ চেষ্টা চলাইছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সেই আঁচনি যেন ফুটুকাৰ ফেনত পৰিণত হৈছে এইখন অসমত ৷
কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত বড়জালেংগা ব্লক বাগবাহাৰ গাঁৱৰ গাঁওবায়ীয়ে আজিকোপতি দেখা নাই উন্নয়নৰ মুখ ৷ গাঁওখনৰ 3 শতাধিক পৰিয়াল উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াতু ভুগিব লগাত পৰিছে ৷ আনকি, উন্নত ৰাষ্টা-ঘাটৰ পৰা বঞ্চিত গাঁওবাসীয়ে জৰাজীৰ্ণ পথৰ মাজেৰেই যাতায়ত অব্যাহত ৰাখিব লগাত পৰিছে ৷ যাৰবাবে গাঁওবাসীয়ে উপায়ন্তৰ হৈ ধলাই সমষ্টিৰ বিধায়ক তথা পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি অনতিপলমে গাঁওখনত উপযুক্ত সা-সুবিধা কৰি দিবলৈ অনুৰোধ জনাইছে ৷