অসম

assam

ETV Bharat / state

বৰাকৰ শতাধিক যৌনকৰ্মীৰ নাম নাহিল এন আৰ চিত - বৰাকৰ শতাধিক যৌনকৰ্মীৰ নাম নাহিল এন আৰ চিত

নিষিদ্ধপল্লীত হাহাকাৰ,ঠিকনাবিহীন শ শ লোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন ৷ সমাজ আৰু পৰিয়ালে ত্যাগ কৰাৰ ফলত ঠিকনাবিহীন হৈ পৰা শ শ যৌন কৰ্মীৰ নাই কোনো লিগেচী ডাটাও ৷ যাৰ বাবে তেওঁলোকে সময়ত প্ৰমাণ কৰিব নোৱাৰিলে নিজৰ নাগৰিকত্ব ৷ বহুতৰে নাম নাই ভোটাৰ তালিকাতো ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই শিলচৰৰ বহু যৌনকৰ্মীৰ

By

Published : Sep 17, 2019, 3:26 PM IST

শিলচৰ,17 চেপ্তেম্বৰঃৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওঁলোকৰ নাম নাই ৷ কাৰণ তেওঁলোকে কোনো বৈধ নথিপত্ৰ জমা দিব নোৱাৰিলে এন আৰ চি কৰ্তৃপক্ষক ৷ সকলো থকাৰ পিচতো তেওঁলোক আজি অসহায়, কাৰণ পৰিয়াল থাকিও তেওঁলোকৰ নাই নিজা পৰিচয়, সদায় আঁৰ কাপোৰৰ তলত জীৱন কটোৱা এই সকল লোকক পৰিয়াল পৰিজন তথা সমাজে বাদ দিছে ৷ এসময়ত সকলো থাকিও এতিয়া তেওঁলোক নিসংগ ৷ তেওঁলোকৰ কাষত নাই আত্মীয় ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিফল হ'ল শিলচৰৰ নিষিদ্ধপল্লীৰ শতাধিক লোক ৷

শিলচৰৰ নিষিদ্ধপল্লীত একাংশ যৌনকৰ্মী

বৰাক উপত্যকাৰ শিলচৰৰ চহৰৰ মাজ মজিয়াত থকা নিষিদ্ধপল্লীত যৌনকৰ্মীৰ কাম কৰা বহুলোকৰ নাম নাই এন আৰ চিত ৷ কিয়নো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে প্ৰয়োজন হোৱা নথি পত্ৰ একোৱেই নাই তেওঁলোকৰ হাতত ৷ সমাজ আৰু পৰিয়ালে ত্যাগ কৰাৰ ফলত ঠিকনাবিহীন হৈ পৰা শ শ যৌন কৰ্মীৰ নাই কোনো লিগেচী ডাটাও ৷ যাৰ বাবে তেওঁলোকে সময়ত প্ৰমাণ কৰিব নোৱাৰিলে নিজৰ নাগৰিকত্ব ৷ কোনোবাৰ হয়তো পিতৃ-মাতৃ আছে, কোনোবাৰ স্বামী, ভাতৃ, ভগ্নী আছে যদিও তেওঁলোকক চিৰদিনৰ বাবে ত্যাগ কৰাৰ ফলত পৰিয়ালৰ সৈতে ছিন্ন হৈছে সম্পৰ্ক ৷ ঠিকনাবিহীন হৈ পৰা এইসকল লোকৰ নাম নাই ভোটাৰ তালিকাতো ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই শিলচৰৰ বহু যৌনকৰ্মীৰ

সমাজৰ পৰা অৱহেলিত এইসকল লোকক পৰিয়ালৰ লোকে সহায় নকৰাৰ ফলত ভাৰতৰ নাগৰিক হৈও তেওঁলোকৰ অধিকাংশ লোকৰে নাম নাই এন আৰ চিত ৷ কিন্তু একাংশ যৌন কৰ্মীয়ে আন নথি পত্ৰৰ ভিত্তিত এন আৰ চিত আবেদন জনাইছিল যদিও পৰ্যাপ্ত নথিৰ অভাৱত চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ'ল তেওঁলোকৰ নাম ৷

সম্প্ৰতি বিপদত পৰিছে নিষিদ্ধপল্লীত বাস কৰা শিলচৰৰ এই সকল যৌনকৰ্মী ৷ কাৰণ বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিবলৈ তেওঁলোকৰ হাতত নাই কোনো বৈধ নথি পত্ৰ৷ তেওঁলোকক সহায় কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰক ৷ কিন্তু চৰকাৰ তথা ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰিব এইসকল যৌনকৰ্মীৰ বাবে ৷ নথি পত্ৰ নথকা এইসকল লোকৰ নাগৰিকত্ব কৰ্তন হ'ব নেকি ? এইক্ষেত্ৰত শিলচৰৰ একাংশ স্বেচ্ছাসেৱী সংগঠনে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে যদিও এতিয়াও নিশ্চিত নহয় তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ'ব নে নাই ৷ সেয়া সময়তহে গম পোৱা যাব ৷

শিলচৰৰ নিষিদ্ধপল্লীত থকা যৌনকৰ্মীৰ নাম নাই এন আৰ চিত

ABOUT THE AUTHOR

...view details