শিলচৰ, 9 অক্টোবৰ :শিলচৰৰ মালুগ্ৰাম অঞ্চলত ২৮ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ অভিযোগ অনুসৰি, উধাৰবন্ধ লাঠিগ্ৰামৰ আবুল মতিন মজুমদাৰ নামৰ এজন চালকে মেজিক গাড়ীখন লৈ গাড়ী মালিকৰ ঘৰৰ পৰা আহি আছিল ৷ এনে সময়তে হঠাৎ এটা মেকুৰী তেওঁৰ গাড়ীৰ চকাৰ তলত পৰি মৃত্যু হয় ৷ সেই স্থানত উপস্থিত থকা কিছু যুৱকে চালকজনক ধৰি মেকুৰী মৰাৰ অভিযোগত নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি সুৰাৰ বটল আৰু ৰডেৰে আবুল মতিনৰ মূৰত আঘাত যুৱককেইজনে ৷
এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় আবুল মতিন ৷ পাচত স্থানীয় ৰাইজে আবুলক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ নিয়ে ৷ আবুল মতিনৰ পত্নী জাছমিনা বেগমে মালুগ্ৰাম আৰক্ষী চকীত প্লাবন দাসগুপ্ত,বিশাল ভূমিজ আৰু স্বৰুপ ভূমিজৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷