অসম

assam

ETV Bharat / state

কাছাৰত উদ্ধাৰ মহাৰাষ্ট্ৰৰ নিখোজ যুৱতী - মহাৰাষ্টৰ পৰা নিখোঁজ হোৱা যুৱতী অসমত উদ্ধাৰ

মহাৰাষ্ট্ৰৰ পৰা নিখোজ হোৱা যুৱতী মহাৰাষ্ট্ৰ আৰু অসম আৰক্ষীৰ যৌথ প্ৰচেষ্টাত কাছাৰ জিলাৰ বৰখলাত উদ্ধাৰ ৷

কাছাৰত উদ্ধাৰ মহাৰাষ্ট্ৰৰ নিখোঁজ যুৱতী

By

Published : Oct 10, 2019, 5:26 AM IST

Updated : Oct 10, 2019, 6:24 PM IST

বৰখলা,9 অক্টোবৰ : কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ মাছিপুৰত উদ্ধাৰ মহাৰাষ্ট্ৰৰ পৰা নিখোজ হোৱা এগৰাকী যুৱতী ৷ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ নাম জৈনক নন্দিনী ৷ ১২ আগষ্ট নিখোজ হৈছিল মহাৰাষ্ট্ৰৰ পুণে অঞ্চলৰ পৰা নন্দিনী নামৰ যুৱতীগৰাকী ৷ ঘটনা অনুসৰি নিজৰ কৰ্মস্থলীত হিবাদুক লষ্কৰ নামৰ বৰখলাৰ এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন হয় ৷ সেই মৰ্মে ১২ আগষ্টত প্ৰেমিকা লৈ পলায়ন কৰে ইবাদুলে ৷ কিন্তু গোপন সূত্ৰৰ ভিত্তিত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে বৰখলা আৰক্ষীৰ সহযোগত অভিযান চলাই বুধবাৰে বৰখলাৰ মাছিপুৰৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷

কাছাৰত উদ্ধাৰ মহাৰাষ্ট্ৰৰ নিখোঁজ যুৱতী
Last Updated : Oct 10, 2019, 6:24 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details