শিলচৰ, 9 নৱেম্বৰ :কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে মিজোৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ ভূমিত পথ নিৰ্মাণ কৰিছে মিজো দুৰ্বৃত্তই ৷ সীমান্তৰ কাছাৰ জিলাৰ পাগলাচড়া আৰু ফেন্সনগৰৰ প্ৰায় চাৰি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি মিজোৰামে অব্যাহত ৰাখিছে পথ নিৰ্মাণ কাৰ্য ৷
সমান্তৰালভাৱে অসমৰ অন্তৰ্গত বিভিন্ন স্থানত মিজোৰামে এতিয়াও মোতায়েন কৰি ৰাখিছে তেওঁলোকৰ সশস্ত্ৰ IR বেটেলিয়ান ৷ যোৱা ২৬ জুলাইত সীমান্তৰ লায়লাপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাচতো অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰে ভিতৰে মিজো দুৰ্বৃত্তই আগ্ৰাসন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
স্থানীয় লোকে সদৰী কৰা মতে, অসম-মিজোৰাম সীমান্ত মোতায়েন কৰা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু অসমৰ কামাণ্ডো বেটেলিয়ানক বুঢ়া আঙুলি দেখুৱাই মিজো দুৰ্বৃত্তই নিৰ্মাণ কৰিছে পথ ৷ সেইদৰে সোমবাৰে মিজোৰামৰ এটা দুৰ্বৃত্তৰ দলে অসমৰ ভূমিত পথ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে ৷ ইয়াৰ পাচতে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷