শিলচৰ, 23 এপ্ৰিল : কাছাৰৰ বৰখোলা এলেকাৰ দুধপাতিল আফৰ বস্তিত নিশা কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা যোগান ধৰা পানীত ৷ ঘটনাকলৈ দুধপাতিল আফৰবস্তীত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মী জেচিম উদ্দীনৰ তৎপৰতাত প্ৰাণ ৰক্ষা তিনি হাজাৰ গাঁওবাসীৰ ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীত বিষ! - কাছাৰ
দুধপাতিল আফৰ বস্তীত কোনো দুষ্কৃতিকাৰীয়ে বিষ ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা যোগান ধৰা পানীত ৷ তাকে লৈ দুধপাতিল আফৰ বস্তিত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ কথমপি প্ৰাণ ৰক্ষা তিনিখন গাঁৱৰ ৰাইজৰ ৷
দুধপাতিলত ক'লা পানী
মঙলবাৰে পুৱাই পানী দিবৰ কাৰণে যেতিয়া জেচিম উদ্দীন পানীৰ ৰং ক'লা হৈ পৰা, বেয়া গোন্ধ ওলোৱাৰ লগতে 4 টা খালী বটল পৰি থকা দেখিবলৈ পোৱাত তেওঁ স্থানীয় ৰাইজক খৱৰ দিয়ে ৷ পাচত স্থানীয় ৰাইজৰ উপস্থিত হৈ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সম্পৰ্কত তদন্ত কৰে যদিও এতিয়াও এগৰাকী অপৰাধী আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷