হাইলাকান্দি, 28 মাৰ্চঃশনিবাৰে হাইলাকান্দিস্থিত উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত ভাগ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কাছাৰ জিলাৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়ৰ লগতে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ৷ সভাৰ পিচতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কেইবাটাও উল্লেখনীয় মন্তব্য প্ৰদান কৰে ৷ লগতে শনিবাৰে কাছাৰত এগৰাকী আৰক্ষীৰ লোকক হত্যাৰ সন্দৰ্ভতো তেওঁ মন্তব্য দাঙি ধৰে ৷ এই সন্দৰ্ভত তেওঁ জনায় যে, কাছাৰত হোৱা এই ঘটনাৰ লগত লক ডাউনৰ কোনো সম্পৰ্ক নাই ৷ এই ঘটনাৰ লগত জড়িত কেইবাগৰাকীও লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে অতি শীঘ্ৰেই এই ঘটনাৰ তদন্ত কৰা হ'ব বুলি জনায় ৷
হাইলাকান্দিৰ উপায়ুক্তৰে বৈঠক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - হাইলাকান্দিৰ উপায়ুক্তৰে বৈঠক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শনিবাৰে হাইলাকান্দিস্থিত উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত ভাগ লয় ৷ সভাখনত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু কাছাৰ জিলাৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়ো উপস্থিত থাকে ৷
হাইলাকান্দিৰ উপায়ুক্তৰে বৈঠক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ