শিলচৰ, ২৯ জুলাই: বৃহস্পতিবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তত উপস্থিত হ'ল অসমৰ দুগৰাকী মন্ত্ৰী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিধায়ক কৌশিক ৰায় আৰু দীপায়ন চক্ৰৱৰ্তী । কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ বুজ লয় । অসম আৰক্ষীৰ ওপৰত মিজো আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণক লৈ ক্ষোভিত হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চলৰ অসমীয়া ৰাইজ । কাছাৰ সীমান্তত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে স্থানীয় ৰাইজে ।
ইফালে, শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলে স্থানীয় ৰাইজৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । বৃহস্পতিবাৰে সীমান্তৱৰ্তী অঞ্চলটোত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰাণ গ'লেও অসমৰ এক ইঞ্চিও মাটি মিজোৰামক এৰি নিদিয়ে । লগতে তেওঁ স্থানীয় ৰাইজক শংকিত নহ'বলৈ আশ্বাস দি কয় যে, এতিয়া সীমান্তৱৰ্তী অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । অসম-মিজোৰাম সীমান্তত চি আৰ পি এফ বাহিনী মোতায়েন কৰা হৈছে ।