অসম

assam

ETV Bharat / state

কাছাৰত ইটা ভাটাত কাম কৰিবলৈ আহি আবদ্ধ বহিঃৰাজ্যৰ শ্ৰমিক - উপাৰ্জনৰ পথ বন্ধ

লক ডাউনৰ ফলত কাছাৰত আবদ্ধ বিহাৰ আৰু অসমৰ বৰপেটা জিলাৰ বহু শ্ৰমিক ৷ ৰাজ্য চৰকাৰে স্ব-গৃহলৈ উভতি যাবলৈ কৰি দিয়া বিশেষ ব্যৱস্থাৰ বাবে ইয়াৰে বহু লোকে আবেদন কৰিছে যদিও বৰ্তমানলৈকে ঘৰলৈ উভতিব পৰা নাই এই সকল লোক ৷

migrant-workers-stuck-in-cachar-dist-due-to-lock-down
কাছাৰত ইটা ভাটাত কাম কৰিবলৈ আহি আৱদ্ধ বহিঃৰাজ্যৰ শ্ৰমিক

By

Published : Apr 28, 2020, 3:41 PM IST

শিলচৰ, 28 এপ্ৰিল : কাছাৰ জিলাৰ ধলাই সমষ্টিৰ আৰ্জানপুৰ গাঁৱৰ ইটা ভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা বিহাৰ আৰু অসমৰ বৰপেটা জিলাৰ বহু লোক লক ডাউনৰ ফলত আবদ্ধ হৈ পৰিছে ৷ ইটা ভাটা সমূহৰ কাষতে সৰু সৰু জুপুৰি বনাই এতিয়া যথেষ্ট সমস্যাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ ইতিমধ্যে যিসকল লোকে এই শ্ৰমিক সকলক কাছাৰলৈ কাম কৰাবলৈ আনিছিল সেই মানুহখিনিও লক ডাউনৰ ফলত পলায়ন কৰিছে ৷ যাৰ ফলত দিশহাৰা হৈছে এই শ্ৰমিকসকল ৷

কাছাৰত ইটা ভাটাত কাম কৰিবলৈ আহি আৱদ্ধ বহিঃৰাজ্যৰ শ্ৰমিক

সম্প্ৰতি ৰাজ্য চৰকাৰে স্ব-গৃহলৈ উভতি যাবলৈ কৰি দিয়া বিশেষ ব্যৱস্থাৰ বাবে ইয়াৰে বহু লোকে আবেদন কৰিছে যদিও বৰ্তমানলৈকে ঘৰলৈ উভতিব পৰা নাই এই সকললোক ৷ এতিয়া উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত এই সকল লোকে আৰ্থিক সংকটত ভুগিছে ৷ দিশহাৰা হৈ পৰা এই লোকসকলে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় ৷
লগতে পঢ়ক : বিশ্বনাথত দুৰ্ঘটনাত পতিত হোৱা আছু নেতাৰ মৃত্যু

ABOUT THE AUTHOR

...view details