অসম

assam

ETV Bharat / state

শিলচৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ - mid day meal worker protest

মঙলবাৰে শতাধিক মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাই শিলচৰ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত শ্বিলংপট্টি পথ অৱৰোধ কৰে ৷ চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজণ কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰতে এক অচলাৱস্থাৰ সৃষ্টি হয় ৷

শিলচৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Oct 29, 2019, 11:40 PM IST

শিলচৰ, 29 অক্টোবৰঃ মধ্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে বিগত কেইবাদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ অংশ স্বৰূপে আজি কেইবাশ মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকাই শিলচৰ চহৰৰ মাজমজিয়াত থকা অতি ব্যস্ত শ্বিলংপট্টি পথ অৱৰোধ কৰে ৷ চেন্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অনুমোদিত অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আয়োজিত এই অবৰোধৰ ফলত গোটেই চহৰতে এক অচলাৱস্থাৰ সৃষ্টি হয় ৷ প্ৰতিবাদকাৰীসকলে অৱৰোধস্থলীৰ পৰা এক সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত সন্মূখত গৈ বিক্ষোভ প্ৰদৰ্শন কৰে ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

আনহাতে প্ৰতিবাদকৰী সকলে বেচৰকাৰী সংস্থাক মধ্যাহ্নভোজনৰ কামকাজৰ দায়িত্ব প্ৰদান নকৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, নিয়মীয়া কৈ দৰমহা প্ৰদান আৰু চৰকাৰী কৰ্মচাৰী সকলৰ দৰে সা-সুবিধা প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷

ABOUT THE AUTHOR

...view details