কাছাৰ,9 ফেব্ৰুৱাৰী:চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজিত সিংহৰ নেতৃত্বত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ এক বৃহৎ সমদল উলিয়াই শ্ৰম বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে ৷
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ - চাহ শ্ৰমিক
শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীৰ মন্তব্য
বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক মিছলীয়াৰ চৰকাৰ আখ্যা দি প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ ভোট আদায় কৰাৰ স্বাৰ্থত মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ শীঘ্ৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক :তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা