অসম

assam

ETV Bharat / state

শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান - শ্ব’ৰ্ট চাৰ্কিট

শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত জাহ যায় তিনিখনকৈ আচবাবৰ বিপনী ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অনুমান প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ফাৰ্ণিচাৰৰ বিপণী
শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ফাৰ্ণিচাৰৰ বিপণী

By

Published : Jan 6, 2021, 11:13 AM IST

শিলচৰ,6 জানুৱাৰী :শিলচৰৰ আশ্ৰমৰোডত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত জাহ যায় আশীষ চৌধুৰী নামৰ ব্যৱসায়ী গৰাকীৰ তিনিখনকৈ আচবাবৰ বিপনী ৷ বিপনীসমূহত মজুত থকা কেইবা কোটি টকাৰ সামগ্ৰী নিমিষতে পৰিণত হয় ছাঁইলৈ ৷ জানিব পৰা মতে, মঙলবাৰে মাজনিশা 2 মান বজাত এই বিপণীসমূহৰ পৰা জুইৰ সূত্ৰপাত ঘটে ৷ পৰৱৰ্তী সময়ত এই জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত হাহাকাৰ সৃষ্টি হয় স্থানীয় লোকসকলৰ মাজত ৷ মূহুৰ্ততে জুইৰ লেলিহান শিখাই সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন আৱৰি ধৰাত ই পৰিণত হয় অগ্নিস্তূপলৈ ৷

অৱশ্যে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ 20 খনকৈ বাহন ৷ প্ৰায় 4 ঘণ্টা যোৰা চেষ্টাৰ অৱসান ঘটাই অগ্নি নিৰ্বাপক বাহিনীয়ে জুইৰ অৱসান ঘটাবলৈ সক্ষম হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অনুমান প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে চাওকঃগুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

ABOUT THE AUTHOR

...view details