অসম

assam

বৰাকত মণিপুৰী ভাষাক উপ ভাষাৰ স্বকৃতি দিয়াৰ দাবী দুটাকৈ সংগঠনৰ

By

Published : Sep 25, 2020, 7:57 AM IST

বৰাক উপত্যকাত অব্যাহত আছে ভাষাৰ মৰ্যদা লাভৰ সংগ্ৰাম ৷ শেহতীয়াকৈ মণিপুৰী ভাষাক উপভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী তুলিছে দুটাকৈ সংগঠনে ৷

Manipuri organization
Manipuri organization

শিলচৰ, 25 ছেপ্টেম্বৰ : অসমত মণিপুৰী ভাষাক সহকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী । বৃহস্পতিবাৰ কাছাৰ জিলাৰ ধলাই নির্বাচন চক্রৰ ৰামপ্রাসাদপুৰ প্ৰেক্ষাগৃহত মণিপুৰী য়ুথ ফ্রন্ট আৰু মৈৰা পাইবি সংগঠনৰ যৌথ উদ্যোগত এক সচেতনতা সভা অনুষ্ঠিত হয় । দুয়োটা সংগঠনৰ কর্মকর্তা সকলে অসমত মণিপুৰী ভাষাক সহকাৰী ভাষা স্বীকৃতি প্রদানৰ দাবীৰে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দলৈ স্মাৰক পত্ৰ প্রেৰণৰ সিদ্ধান্ত লৈছে । দীর্ঘদিনৰ পৰা মণিপুৰী সমাজৰ গুৰুত্বপূর্ণ দাবী লৈ দুটি সংগঠনে সংগ্ৰাম কৰি আহিছে । যদি অসম চৰকাৰে এই দাবী অগ্ৰাহ্য কৰে, তেন্তে অনাগত সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে সংগঠন দুটাই ৷

বৰাকত মণিপুৰী ভাষাক উপ ভাষাৰ স্বকৃতি দিয়াৰ দাবী দুটাকৈ সংগঠনৰ

উল্লেখ্য যে, বৰাক উপত্যকাত ভাষা আন্দোলনৰ পাচতে বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ৷ তাৰ মাজতেই বিভিন্ন সময়ত বৰাকৰ জাতি-জনগোষ্ঠী সমূহতে নিজ নিজ ভাষাক মৰ্যদা প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷ বৰাকত বাস কৰা মণিপুৰী সকলৰ এই দাবীয়ে ভাষাৰ বাবে চলি থকা সংগ্ৰামৰ কথাকেই পতিয়মান কৰিছে ৷

লগতে পঢ়ক :পি কে দত্তৰ গৃহত অসম আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details