কাছাৰ, 11 জানুৱাৰী:মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক কে মেঘচন্দ্ৰই বুধবাৰে পুৱা দলীয় নেতা-কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক ভাৰত জোড়ো ন্যায় যাত্ৰা আয়োজন কৰাৰ বাবে সভাস্থলীৰ অনুমতিৰ সন্দৰ্ভত সাক্ষাৎ কৰা বুলি মেঘচন্দ্ৰই জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱনত সাক্ষাৎ কৰাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ চৰকাৰে এই অনুমতি জনাব নোৱাৰে বুলি উল্লেখ কৰা বুলি জনায় ।
চৰকাৰৰ এই স্থিতিক “অতি দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰা মেঘচন্দ্ৰই চৰকাৰখনে থৌবাল জিলাৰ খংজোমক ব্যক্তিগত স্থানলৈ সলনি কৰিছে বুলি উল্লেখ কৰিছে । চৰকাৰে অনুমতি প্ৰদান নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ৰাজহুৱা স্থান এডোখৰ চৰকাৰে অস্বীকাৰ কৰাটো সাধাৰণ কথা নহয় বুলি উল্লেখ কৰে । এয়া গণতন্ত্ৰৰ হত্যা । ই ভাৰতৰ জনসাধাৰণৰ বিশেষকৈ মণিপুৰৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ লগতে জনতাৰ অধিকাৰ খৰ্ব কৰিছে বুলি মন্তব্য কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কেইশম মেঘচন্দ্ৰই ।