অসম

assam

ETV Bharat / state

অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ

কাছাৰ আৰু নগাঁও কাগজ কলৰ জইণ্ট ট্ৰেড ইউনিয়ন একশ্যন কমিটিৰ সভাপতি, মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় চৰকাৰক ৷

মানৱেন্দ্ৰ চক্ৰৱৰ্তী
মানৱেন্দ্ৰ চক্ৰৱৰ্তী

By

Published : Sep 7, 2020, 1:48 PM IST

শিলচৰ, 7 ছেপ্তেম্বৰ:অহা 14 ছেপ্তেম্বৰত কাছাৰ আৰু নগাঁও কাগজ কলৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব ৷ কিন্তু এই পৰ্যন্ত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই বুলি উল্লেখ কৰে কাছাৰ আৰু নগাঁও কাগজ কলৰ জইণ্ট ট্ৰেড ইউনিয়ন একশ্যন কমিটিৰ সভাপতি, মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷

অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ

দেওবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এখন লিখিত প্ৰস্তাৱ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ য'ত উল্লেখ আছে, যদি হিন্দুস্তান নিউজ প্ৰিণ্ট লিমিটেড বচাবলৈ যদি কেৰালা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেন্তে অসম চৰকাৰৰো কোনো অসুবিধা নাই ৷ চৰকাৰে অতি শীঘ্ৰই পদক্ষেপ লৈ NCLT ত নিজৰ প্ৰস্তাৱ দাখিল কৰিব লাগে কাগজ কল দুটা বটাই ৰখাৰ স্বাৰ্থত ৷ দেৱব্ৰত শইকীয়াৰ এই প্ৰস্তাৱত কৃতজ্ঞতা জ্ঞাপন কৰিছে মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷ তেওঁৰ বিশ্বাস অসম চৰকাৰেও তেওঁলোকৰ দায়িত্ব পালন কৰিব আৰু অহা 14 তাৰিখৰ ভিতৰত NCLT ত অসমৰ দুয়োটা উদ্যোগ বচাবলৈ, অসমত কৰ্ম সংস্থাপনৰ বাট মোকলাই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰি অসমৰ ৰাইজৰ প্ৰতি এক সুবিচাৰ কৰিব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক:বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ 4,688 কোটিৰ সাহাৰ্য

ABOUT THE AUTHOR

...view details