অসম

assam

ETV Bharat / state

হাইলাকান্দিত ৰেলৰ খুণ্ডাত মৃত্যু এজনৰ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ৷

Man died in Hilakandi by the hit of train
হাইলাকান্দিত ৰেলৰ খুণ্ডাত মৃত্যু এজনৰ

By

Published : Apr 26, 2020, 11:58 AM IST

Updated : Apr 28, 2020, 12:20 PM IST

শিলচৰ, 26 এপ্ৰিল: লক ডাউনৰ মাজতে হাইলাকান্দিত ৰেলৰ খুণ্ডাত মৃত্যু এজন লোকৰ ৷ শিলচৰৰ পৰা বদৰপুৰলৈ গৈ থকা এখন মালবাহী ৰেলৰ খুণ্ডাত ব্যক্তিজনৰ মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে ৷ হাইলাকান্দি জিলাৰ ঠাণ্ডাপুৰ নামৰ ঠাইত সংঘটিত হয় ঘটনা ৷ মৃতদেহলৈ চাই দুৰ্ঘটনাটো শনিবাৰে নিশা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷

হাইলাকান্দিত ৰেলৰ খুণ্ডাত মৃত্যু এজনৰ

ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, মৃত লোকজন কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰৰ দুৰ্লভচৰাৰ হোছেন আহমেদ বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়কঃ বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ হাতলৈ যাব নেকি ?

Last Updated : Apr 28, 2020, 12:20 PM IST

ABOUT THE AUTHOR

...view details