শিলচৰ, 16 জুলাই:মেঘালয়ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বৰাকৰ মেধাৱী ছাত্ৰী মহিমা সিনহাই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 500 নম্বৰৰ ভিতৰত মুঠ 428 নম্বৰ লাভ কৰিছে ছেইণ্ট এন্থনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মহিমাই ৷ উল্লেখ্য যে,মেঘালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লেও ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ৷ পিতৃ-মাতৃৰ চাকৰিসূত্ৰে দীৰ্ঘদিন ধৰি মেঘালয়ত বসবাস কৰি আছে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৷
মেঘালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল মহিমা সিনহাৰ - mahima sinha secured 1st position
মেঘালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 500 নম্বৰৰ ভিতৰত মুঠ 428 নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ মহিমা সিনহাই ৷
মহিমা সিনহা
ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে দেশ সেৱাৰ আশা মনত পুহি ৰাখিছে মেধাৱী ছাত্ৰী গৰাকীয়ে ৷ ভিন্ন বিষয়ক লিখনি লিখি ভাল পোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে বহুবাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত তথা অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণো কৰিছে ৷