অসম

assam

ETV Bharat / state

Cachar Madrassa Hostel case: মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ - কাছাৰ আৰক্ষী

ধলাইৰ ছাত্ৰক শিৰচ্ছেদ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে ৷

Madrasa teacher Hafiz Mukchin Rahman Khan arrested
মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ

By

Published : Aug 14, 2023, 8:59 PM IST

মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 14 আগষ্ট: ৰাজ্য কঁপোৱা কাছাৰৰ ধলাইৰ এখন মাদ্ৰাছাত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ দেওবাৰ, 13 আগষ্টত ধলাইৰ বাগৰ বজাৰ ঘাটৰ দাৰুছ চালাম হাফিজিয়া আৰু আলিয়া মাদ্ৰাছাৰ হোষ্টেলত উদ্ধাৰ হৈছিল ছাত্ৰ ৰবিজুল হুছেইন লস্কৰ (12) ৰ মৃতদেহ ৷ এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই ঘটনাৰ লগত সন্দেহ কৰি কাছাৰ আৰক্ষীয়ে 20 গৰাকী ছাত্ৰসহ মাদ্ৰাছাখনৰ চকীদাৰজনক আটক কৰি সোধা-পোছা কৰিছিল ৷ আনকি দেওবাৰে সন্ধিয়ালৈ মাদ্ৰাছাৰ হোষ্টেলৰ সমীপত দা এখনো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷

সোমবাৰে পুনৰ আৰক্ষীৰ তদন্তৰ অন্তত কাছাৰ জিলাৰ কালাইন লক্ষ্মীপুৰৰ নিবাসী মাদ্ৰাছা শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিশোৰজনৰ হত্যাকাণ্ডৰ ৰহস্য উন্মোচন কৰিবলৈ আৰক্ষীয়ে মৃত কিশোৰজনৰ ঘৰলৈ গৈ কিশোৰজনৰ পিতৃ-মাতৃ আৰু ওচৰ-চুবুৰীয়াৰ সৈতে কথা পাতিছিল।

এই ঘটনাৰ প্ৰায় 5 দিনৰ পূৰ্বে ৰেজিমুলে মাক আৰু দেউতাকক জনাইছিল যে, মুকচিনে তেওঁক মোবাইল চুৰি কৰাৰ অভিযোগত তীব্ৰ প্ৰহাৰ কৰিছিল। কিন্তু তেওঁ চুৰিকাণ্ড সংঘটিত কৰা নাছিল। তেওঁ কেতিয়াও তেনেকুৱা কাম নকৰে। কিন্তু সত্য নজনাকৈয়ে ৰেজিমুলক চুৰি কৰা বুলি দোষাৰোপ কৰিছিল একাংশ ছাত্ৰই।

ৰেজিমুলৰ মাতৃয়ে কোৱা অনুসৰি, হাফিজ চাহাবে তেওঁক ইমানেই মাৰপিট কৰিছিল যে ছাত্ৰজন অসুস্থ হৈ পৰিছিল। ফলত তেওঁলোকে কিশোৰটোক ঘৰলৈ লৈ আহিছিল ৷ ইয়াৰ পিচতে মুকচিনে ৰেজিমুলৰ মাতৃক অনুৰোধ কৰিছিল যে, ৰেজিমুলক অতি সোনকালে মাদ্ৰাছালৈ পঠিয়াব লাগে।

সেই অনুসৰি যোৱা শনিবাৰে পিতৃৰ সৈতে ৰেজিমুল মাদ্ৰাছালৈ আহিছিল। ৰেজিমুলৰ দেউতাকে মুকচিনৰ হাতত ৰেজিমুলক গতাই দি ঘৰলৈ উভতি যায় ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ সেই নিশাই ৰেজিমুলক কোনোৱে শুই থকা অৱস্থাতে শিৰচ্ছেদ কৰি থৈ যায় ৷

ইয়াৰ পিচতে সেই নিশা মুকচিনে তেওঁলোকৰ সন্তানক নিৰ্মমভাৱে হত্যা কৰি বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰেজিমুলৰ মাতৃয়ে ৷ কেৱল এয়াই প্ৰথম নহয় হাফিজ মুকচিনে ৰেজিমুলক কেইবাবাৰো মাৰপিট কৰাৰ কথা মাক-দেউতাকক কৈছিল ৰেজিমুলে ৷ কিন্তু তেতিয়া ঘৰৰ লোকে একো গুৰুত্ব দিয়া নাছিল ৷ তেতিয়া গুৰুত্ব দিয়া হ’লে পুত্ৰক হেৰুৱাব নালাগিলেহেঁতেন বুলি মাতৃয়ে অনুশোচনা কৰে।

ইফালে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তায়ে কয় যে, প্ৰাথমিক তদন্তৰ ভিত্তিত হাফিজ মহছিন খানক গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডৰ লগত আন লোকো জড়িত আছে নে নাই তাৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক:Cachar Madrassa Hostel case: কাছাৰৰ মাদ্ৰাছাৰ হোষ্টেলত ছাত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ; ‘দা’ উদ্ধাৰ

ABOUT THE AUTHOR

...view details