শিলচৰ, 11 জানুৱাৰী :কংগ্ৰেছ নেতাৰ ছুইমিং পুলত কৰ্মৰত যুৱতীক ভিন্ন ধৰ্মীয় যুৱকে পলাই লৈ যোৱাৰ ঘটনাক কেন্দ্ৰ কৰি শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আকৌ এইবাৰ অসমৰ যুৱতী লাভ জেহাদৰ সন্মুখীন হৈছে ৷ এই অভিযোগ তুলি সৰৱ হৈছে বজৰং দল ৷ প্ৰেমৰ চলেৰে যুৱতীক বাংলাদেশলৈ সৰবৰাহ কৰা হৈছে বুলি সন্দেহ বজৰং দলৰ ৷
চলিত বৰ্ষৰ 7 জানুৱাৰীৰ কথা ৷ শিলচৰ নাগাটিলাত থকা এটা ছুইমিং পুলত কৰ্মৰত থকা অৱস্থাৰ পৰাই নিখোঁজ হৈছে এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ, তেওঁলোকৰ প্ৰতিবেশী ৰবি মাষ্টাৰ নামৰ এজন লোকৰ ঘৰত মিস্ত্ৰী হিচাবে কৰ্মৰত থকা মুমিন নামৰ এজন যুৱকে অপহৰণ কৰি নিছে ৷ কিয়নো পূৰ্বেও বহুবাৰ যুৱতীগৰাকীক মুমিন নামৰ যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ সেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই অভিযুক্ত মুমিনে যুৱতীগৰাকীৰ বহু অশ্লীল ফটো সামাজিক মাধ্যমত আপলোড কৰিব বুলি ধমকিও প্ৰদান কৰিছিল ৷
ইতিমধ্যে যুৱতীৰ নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে শিলচৰ ৰাঙিখাৰি আৰক্ষী থানাত দাখিল কৰিছে এক গোচৰ ৷ ইফালে এই ঘটনাৰ বিষয়ে জ্ঞাত হৈ সৰৱ হৈ পৰিছে বজৰং দল ৷ বজৰং প্ৰধান মিঠুন দাসৰ অভিযোগ, লাভ জেহাদৰ বলি হৈছে যুৱতীগৰাকী ৷ প্ৰেমৰ অভিনয় কৰি যুৱতীগৰাকীক বাংলাদেশলৈ সৰবৰাহ কৰা হৈছে ৷ ঘটনাৰ সঠিক তদন্ত কৰিলে বহু ৰহস্য পোহৰলৈ আহিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে হিন্দু নেতাগৰাকীয়ে ৷