শিলচৰ, 23 আগষ্ট :ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কাছাৰ জিলাতো কৰ'ণা মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷
শেহতীয়াকৈ জিলাখনত ক'ভিড-19 ত আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ 26 আগষ্টৰ পৰা 4 ছেপ্তেম্বৰলৈ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা জিলাখনত ৷ দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ কিন্তু লকডাউন সন্দৰ্ভত বৰ্তমানলৈ কাছাৰ প্ৰশাসনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৷