শিলচৰ, 2 ছেপ্টেম্বৰ :ৰাজ্যত এতিয়াও অব্যাহত আছে নিচা জাতীয় সমাগ্ৰীৰ অবাধ বেহা ৷ কিয়নো শিলচৰত যোৱা নিশা জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত জব্দ হয় গাঞ্জাখিনি ৷
বিভাগীয় এক সূত্ৰই সদৰি কৰা মতে, PB-12T-8629 নম্বৰৰ এখন ট্ৰাকত লৈ অহা হৈছিল গাঞ্জাখিনি ৷ নিশা শিলচৰ ৰংপুৰত ট্ৰাকখনত তালাচী চলাই জব্দ কৰা হয় ৬০ পেকেট গাঞ্জা ৷ ট্ৰাকখনৰ সৈতে চালক শুক্কুৰ আলী নামৰ লোকজনকো আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :বিষাক্ত সাপৰ বিষেৰে সম্ভৱ কৰ’ণা ভাইৰাছৰ চিকিৎসা !
লক্ষণীয় বিষয়টো হৈছে, অতি কৌশলেৰে ট্ৰাকখনৰ বডিৰ চাৰিওফালে গোপন বাকচ নিৰ্মাণ কৰি লৈ অহা হৈছিল গাঞ্জাখিনি ৷ ট্ৰাকখন আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৷ ট্ৰাকখনত গাঞ্জা কঢ়িয়াই অনাৰ তথ্য এক গোপন সূত্ৰৰ পৰা লাভ কৰিছিল শুল্ক বিভাগ আৰু কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সংস্থাই ৷