কাছাৰ, 24 জানুৱাৰী: ৰাজ্যৰ প্ৰান্তৰ লগতে কাছাৰৰ ভূমিহীন লোকসকলেও মাটিৰ পট্টা লাভ কৰে ৷ কাছাৰ জিলাৰ শিলচৰ গান্ধী ভৱনত আয়োজিত এক অনুষ্ঠানত কাছাৰৰ ভূমিহীন লোক সকলে ভূমি পট্টা লাভ কৰে ৷
বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ লগতে জিলা উপায়ুক্ত কীর্তি জলি, বৰখলাৰ বিধায়ক কিশোৰ নাথ, উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি, শিলচৰৰ বিধায়ক দিলীপ পাল অনুষ্ঠানত উপস্থিত থাকি ভূমিহীন লোক সকলক মাট্টিৰ পট্টা বিতৰণ কৰে ৷
অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী পৰিমল শুক্লবৈদ্য আৰু বিধায়ক কিশোৰ নাথে বর্তমান চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ প্ৰশংসা কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে, সবকা সাথ সবকা বিকাশ এই মন্ত্ৰক লগত লৈ বৰ্তমান চৰকাৰে যিভাৱে কাম কাজ কৰিছে তাৰ তুলনাত পূৰ্বৰ চৰকাৰে বহুবছৰ শাসন কৰিও কোনো ধৰণৰ উন্নয়নমূলক কামৰ চিন্তা ভাৱনা কৰা নাছিল ৷
লগতে পঢ়ক:গোলাঘাটত ভূমি আৱন্টন পত্ৰৰ বাবে নিৰ্যাতনৰ বলী এগৰাকী মহিলা