শিলচৰ,10 ছেপ্তেম্বৰ:শিলচৰৰ দুধপাতিল গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ বিবাদত লিপ্ত দুই পক্ষই আৰক্ষীৰ সন্মুখতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,গাঁৱখনৰ দুই পক্ষৰ মাজত অব্যাহত থকা দীৰ্ঘদিনীয়া ভূমি বিবাদে চূড়ান্ত ৰূপ ধাৰণ কৰে ৷ পূৰ্বতেও এই ভূমি সম্পৰ্কে বিচাৰ অনুষ্ঠিত হৈছিল যদিও পক্ষ দুটাই কোনো সদুত্তৰ লাভ নকৰিলে ৷ বৃহস্পতিবাৰে সংঘটিত উক্ত বিবাদৰ পিছতে মালুগ্ৰাম আৰক্ষী চকীত বিষয় সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছে ৷ অঞ্চলটোৰ স্থানীয় ব্যক্তি ৰমাকান্ত বিশ্বাসে দাখিল কৰা এজাহাৰখনত বিধায়ক কিশোৰ নাথ উক্ত ঘটনাত জড়িত বুলি উল্লেখ কৰা হৈছে ৷
শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাত ৷ বিবাদত লিপ্ত দুই পক্ষই আৰক্ষীৰ সন্মুখতে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ ৷
![শিলচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি land conflict in silchar assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8756570-thumbnail-3x2-a.jpg)
শিলচৰত ভূমি বিবাদ