কাছাৰ, 19 চেপ্তেম্বৰ: কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গুৱালা ৷ সম্প্ৰতি বিধায়ক গৰাকীক তেওঁৰ নিজা বাসভৱনতে হোম আইচ'লেশ্যনত ৰখা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰৰে পৰা বিধায়ক গৰাকী আক্ৰান্ত হৈ আছিল জ্বৰ আৰু বিভিন্ন শাৰীৰিক অসুস্থতাত ৷ তাৰ পাচতেই তেওঁ নিজা বাসভৱনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত ফলাফলত তেওঁৰ দেহত ধৰা পৰে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ অৱশ্যে তেওঁৰ পৰিয়ালৰ আন আন সদস্য সকলৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ আহে ৷
COVID-19ত আক্ৰান্ত লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গুৱালা - কৰ'ণা মহামাৰী
কাছাৰ জিলাৰ লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গুৱালা দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ সম্প্ৰতি তেওঁক নিজা বাসভৱনতে হোম আইচ'লেশ্যনত ৰখা হৈছে ৷

ৰাজদ্বীপ গুৱালা