অসম

assam

ETV Bharat / state

মাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ

মাজনিশা শিলচৰৰ ৰাজপথত কৰ্তব্যৰত মহিলা আৰক্ষীৰ প্ৰতিবাদ ৷ কৰ্তব্য সম্পন্ন হোৱাৰ পাছতো থকা-খোৱাৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত শিলচৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভত ভাগি পৰিছে মহিলা আৰক্ষী ৷

মাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ
মাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ

By

Published : Apr 3, 2021, 10:29 AM IST

Updated : Apr 3, 2021, 12:00 PM IST

শিলচৰ,3 এপ্ৰিল: শুকুৰবাৰে নিশা প্ৰায় 1 বজাত উত্তাল হ’ল শিলচৰৰ ৰাজপথ ৷ কৰ্তব্যৰত মহিলা আৰক্ষীৰ প্ৰতিবাদী ধ্বনিত নিশাই প্ৰতিবাদ মুখৰ হৈ পৰিল শিলচৰৰ ৰাজপথ ৷

মাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কৰ্ম সম্পাদন কৰি বিগত 28 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলা আৰক্ষী লৈ অনা হৈছিল শিলচৰত ৷ শুকুৰবাৰে তেওঁলোকে কাছাৰৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত নিজ নিজ কৰ্ম সম্পাদন কৰিছে ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে নিশা কৰ্তব্য সম্পন্ন হোৱাৰ পাছতো থকা-খোৱাৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত ক্ষোভত ভাগি পৰিল এই সকল মহিলা আৰক্ষী ৷

ইফালে কাছাৰৰ এজনো উচ্চপদস্থ আৰক্ষী বিষয়াই কোনো খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে এইসকল মহিলা আৰক্ষীয়ে ৷ যাৰ বাবে শিলচৰৰ শীৰ্ষতম আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মহিলা আৰক্ষী ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

Last Updated : Apr 3, 2021, 12:00 PM IST

ABOUT THE AUTHOR

...view details