কৰিমগঞ্জ,4 জানুৱাৰীঃ কৰিমগঞ্জত বন বিভাগৰ ৰহস্যজনক স্থিতি ৷ ঘটনাস্থলীৰ পৰা নাইকিয়া হ’ল জব্দ কৰা অবৈধ শিল কঢ়িওৱা ডাম্পাৰ ৷ শনিবাৰে পুৱাৰ ভাগতে কৰিমগঞ্জৰ নৱনিযুক্ত ডি এফ অ' জাহনুৰ আলিয়ে অবৈধভাৱে শিল কঢ়িয়াই নিয়া সাতখনকৈ ডাম্পাৰ আটক কৰিছিল ৷ কিন্তু কিছু সময়ৰ পিছতেই আশ্বৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা নাইকিয়া হৈ পৰে পাঁচখনকৈ ডাম্পাৰ ৷ ঘটনাস্থলীত সাংবাদিক উপস্থিত হৈ মাত্ৰ দুখন ডাম্পাৰহে প্ৰত্যক্ষ কৰে ৷
উল্লেখ্য যে,শনিবাৰে কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত সাতখনকৈ অবৈধ শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰা হৈছিল। কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা ডাম্পাৰ কেইখনে কাছাৰৰ কালাইনৰ পৰা শিল কঢ়িয়াই আনিছিল। ডাম্পাৰকেইখন ৰহস্যজনকভাৱে নাইকিয়া হোৱা কথাই সম্প্ৰতি বন বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে ৷