শিলচৰ, 9 আগষ্ট : দেওবাৰে শিলচৰত সংঘটিত লোমহৰ্ষক হত্যাৰ বলি ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিৰ গৃহত উপস্থিত হয় কেইবাগৰাকীও সচেতন লোক ৷ শিশুটিৰ হত্যাত জড়িত অভিযুক্তক উচিত শাস্তি দিয়াৰ বাবে সংগ্ৰাম চলায় যোৱাৰ লগতে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে তেওঁলোকে ৷ জাষ্টিচ ফৰ ধ্ৰুৱজ্যোতি নামৰ ফেচবুক পেজটোৰ হৈ দিলু দাস, পল্লৱিতা শৰ্মা, জয়দ্বীপ চক্ৰৱৰ্তী আৰু সৌমিত্ৰ দত্ত ৰায়ে এই ঘটনাক তীব্ৰ নিন্দা কৰে ৷ ধ্ৰুৱজ্যোতিৰ ন্যায়ৰ বাবে এই সংগ্ৰামত অংশীদাৰ হ’বলৈ ৰাইজক আহ্বান জনায় তেওঁলোকে ৷
ধ্ৰুৱজ্যোতিৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী - জাষ্টিচ ফৰ ধ্ৰুৱজ্যোতি
ধ্ৰুৱজ্যোতি নাথ হত্যাত জড়িত অভিযুক্তক উচিত শাস্তি দিয়াৰ বাবে দাবী তুলি ন্যায়ৰ বাবে এই সংগ্ৰামত অংশীদাৰ হ’বলৈ ৰাইজক আহ্বান জাষ্টিচ ফৰ ধ্ৰুৱজ্যোতি নামৰ ফেচবুক পেজৰ ৷

ধ্ৰুৱজ্যোতিৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী
ধ্ৰুৱজ্যোতিৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী
আনহাতে এই ঘটনাক লৈ কোনোধৰণৰ ৰাজনৈতিক অথবা ধাৰ্মিক যুক্তি নকৰি প্ৰকৃত ৰহস্য ভেদ কৰিবৰ বাবে সকলোকে একগোট হৈ ঠিয় দিবৰ বাবে অনুৰোধ জনায় তেওঁলোকে ৷ যাতে, প্ৰকৃত দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে সকলোৰে সহায় আবেদন কৰে লোককেইজনে ৷
লগতে পঢ়ক:নিবনুৱা সমস্যা সমাধানৰ দাবীৰে যুৱ কংগ্ৰেছৰ 'সংস্থাপন দিয়ক' শীৰ্ষক আন্দোলন