কাছাৰত অবৈধ চুলাই মদ জব্দ - cachar
অবৈধ চুলাই সেৱন কৰি অঞ্চলটোত ইতিমধ্যে কেইবাগৰাকী লোকে মৃত্যুক আকোৱালি লৈছে ৷ অবৈধ চুলাই বিৰুদ্ধে সচেতন মহলে তৰা অভিযোগৰ ভিত্তিত কাছাৰত আবকাৰী বিভাগে অভিযান চলাই ১২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰাৰ লগতে ন গৰাকী ব্যক্তিক আটক কৰে ৷

কাছাৰ, ১২জুনঃ কাছাৰত আবকাৰী বিভাগৰ অভিযানত ১২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰাৰ লগতে 9 জন লোকক আটক । দীৰ্ঘদিন ধৰি কাছাৰত অবৈধ চুলাই মদ সেৱন কৰি বহু লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু লোক ৰোগাক্ৰান্ত হ'ব লগীয়া হৈছে । এই অভিযোগ অনুসৰি কাছাৰৰ বিভিন্ন অঞ্চলৰ পৰা আবকাৰী বিভাগে ১২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰাৰ লগতে আটক কৰিছে ৯ জন লোকক । তাৰোপৰি দুই টিন লালিগুৰো জব্দ কৰিছে আবকাৰীৰ বিভাগে । আবকাৰী বিভাগৰ এই পদক্ষেপক সচেতন ৰাইজে বহু ধন্যবাদ জনাইছে । লগতে অবৈধ চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই যাব বুলি জনাইছে আবকাৰী বিভাগৰ লোকে ।