শিলচৰ,3 মাৰ্চঃ বৰাকৰ পৰা ৰাজসভাত এজন প্ৰতিনিধি দিয়াৰ দাবীত পালন অনশন কাৰ্যসূচী ৷ শিলচৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত মঙলবাৰে পৃথক বৰাক ডিমাণ্ড কমিটিয়ে গ্ৰহণ কৰে এই অনশন কাৰ্যসূচী ৷ অনশন কাৰ্যসূচীত ভাগ লৈ কমিটিৰ কৰ্মকৰ্তা দেৱদ্বীপ দত্তই কয়, 2008 চনৰ পৰা ৰাজসভাত বৰাক উপত্যকাৰ কোনো প্ৰতিনিধি নাই । সেই কাৰণে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি কাঢ়িলৈ এই আন্দোলন আৰম্ভ কৰিছে । তেওঁ লগতে কয়,বৰাকৰ ৰাইজৰ লগত সদায় বৈষম্য কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । ৰাজ্যৰ শাসকীয় দলৰ দৃষ্টিও আকৰ্ষণ কৰাৰো তেওঁ চেষ্টা কৰে ৷
বৰাকৰ পৰা ৰাজ্যসভালৈ এগৰাকী প্ৰতিনিধি দিয়াৰ দাবীত অনশন কাৰ্যসূচী - পৃথক বৰাক ডিমাণ্ড কমিটি
শিলচৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত অনশন কাৰ্যসূচী পালন ৷
বৰাকৰ পৰা ৰাজ্যসভালৈ এগৰাকী প্ৰতিনিধি দিয়াৰ দাবীত অনশন কাৰ্যসূচী