কাছাৰ,13 জুন :মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই ৰাজ্যত চলি থকা অবৈধ ব্যৱসায়ৰ লগতে ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰহবৰাহ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ তাৰপাচতে আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰহবাৰহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে গৰুৰ চোৰাং সৰহবৰাহকাৰীৰ লগতে বাৰ্মিজ চুপাৰী বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
বৰাক উপত্যকাতো আৰক্ষী কঠোৰ হৈ পৰিছে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ থকা সৰহবৰাহকাৰীৰ বিৰুদ্ধে ৷ তাৰ মাজতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্ভালকৰ চন্দ্ৰকান্তই জিলাখনত এটাৰ পাচত এটা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । কাছাৰৰ কালাইন বাটপাৰাত এটা বাৰ্মিজ চুপাৰী গুদামত কালাইন আৰু কাটিগড়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে কেইবা লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰী ৷