শিলচৰ, 12 মাৰ্চ : শিলচৰত ৰাঙিখাৰি অঞ্চলত স্থিৰ নিৰীক্ষণকাৰী দল আৰু ৰাঙিখাৰি আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত শুকুৰবাৰে জব্দ কৰা হয় নগদ 5 লাখ 30 হাজাৰ টকা আৰু প্ৰায় 300 ৰো অধিক বিদেশী সুৰাৰ বটল ৷ জানিব পৰা মতে বিপ্লব দাস নামৰ এজন ব্যক্তিৰ পৰা প্ৰথমে অভিযান চলাই নিৰীক্ষণকাৰী দলটোৱে 5 লাখ 30 হাজাৰ টকা জব্দ কৰে ৷
শিলচৰত বৃহৎ পৰিমাণৰ ধন আৰু সুৰা জব্দ - শিলচৰ
শিলচৰত ৰাঙিখাৰি অঞ্চলত স্থিৰ নিৰীক্ষণকাৰী দল আৰু ৰাঙিখাৰি আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত শুকুৰবাৰে জব্দ কৰা হয় নগদ 5 লাখ 30 হাজাৰ টকা আৰু প্ৰায় 300 ৰো অধিক বিদেশী সুৰাৰ বটল ৷

শিলচৰত বৃহৎ পৰিমাণৰ ধন আৰু সুৰা জব্দ
নিৰ্বাচন আচৰণ বিধি বলৱৎ হৈ থকা পাচতো টকাখিনি লৈ আহিছিল লোকজনে ৷ ইফালে, আবেলি আকৌ ৰাঙিখাৰি অঞ্চলৰ পৰা আৰক্ষীয়ে AS-11DC-2320 নম্বৰৰ এখন অ'টত তালাচী চলাই 300 বটল বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে আটক কৰে জাইদুল আলম বৰভূঞা নামৰ এক যুৱকক ৷ যুৱকজনৰ ঘৰ সোনাই ধনেহৰিত বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷
লগতে পঢ়ক: ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা