শিলচৰ, 28 মে’: শিলচৰত বিশাল হিন্দু পদযাত্ৰা ৷ মঙলবাৰে আবেলি হনুমান মন্দিৰৰ সম্মুখৰ পৰা হিন্দু জাগৰন মঞ্চৰ আহ্বানত শিলচৰ চহৰত এক বিশাল হিন্দু পদযাত্ৰা আয়োজিত হয় ৷ ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীত এই পদযাত্ৰা ৷ চহৰৰ নৱসিংতলা ৰোডৰ পৰা আৰম্ভ হৈ এই পদযাত্ৰা চেন্ট্ৰেল ৰোড, প্ৰেমতলা, হালাতালৰোড, নেতাজি সুভাষ এভিন্যু হৈ ৰাঙিৰখাড়ি হৈ পুনৰ হনুমান মন্দীৰ প্ৰাঙ্গনত উপস্থিত হৈ সামৰনি পৰে ৷ পদযাত্ৰাত বিভিন্ন হিন্দু দল সংগঠনে আগভাগ লয় ৷
ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ দাবীত পদযাত্ৰা ! - হিন্দু পদযাত্ৰা
মঙলবাৰে আবেলি হনুমান মন্দিৰৰ সম্মুখৰ পৰা হিন্দু জাগৰন মঞ্চৰ আহ্বানত শিলচৰ চহৰত এক বিশাল হিন্দু পদযাত্ৰা আয়োজিত হয় ৷
শিলচৰত হিন্দু পদযাত্ৰা
লগতে পঢ়ক: জুৰোড বিস্ফোৰণঃ ছাত্ৰনেতা সঞ্জীৱ তালুকদাৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ, গোহত্যা বন্ধ কৰা, গোমাতাক মৰ্যাদা প্ৰদানৰ দাবী পদযাত্ৰাৰ সময়ত উত্থাপিত হয় ৷ কিন্তু গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ এখনত এনেধৰণৰ উন্মাদনা কিমান দূৰ গ্ৰহণযোগ্য সেইয়া এক ডাঙৰ প্ৰশ্নবোধক !