অসম

assam

By

Published : Dec 1, 2020, 1:11 PM IST

ETV Bharat / state

কাছাৰত হিন্দু-বঙালীৰ ওপৰত নিৰ্যাতনঃ শিক্ষাৰ্থীৰ প্ৰতিবাদ

কাছাৰত খাচী সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী । হিন্দু-বঙালী লোকৰ ওপৰত খাচী সম্প্ৰদায়ৰ একাংশ যুৱকে নিৰ্যাতন চলোৱাক লৈ ক্ষোভ উজাৰে । ১৮ নৱেম্বৰৰ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ।

কাছাৰত হিন্দু-বঙালী লোকৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ
কাছাৰত হিন্দু-বঙালী লোকৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

শিলচৰ, ১ ডিচেম্বৰ: হিন্দু-বঙালী লোকৰ নিৰাপত্তাৰ দাবী জনাই কাছাৰত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ১৮ নৱেম্বৰৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় শিক্ষাৰ্থীসকলে। সোমবাৰে শিলচৰস্থিত শ্বহীদ ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে । উল্লেখ্য যে,যোৱা ১৮ নৱেম্বত কেৰম খেলাক কেন্দ্ৰ কৰি খাচী সম্প্ৰদায়ৰ একাংশ যুৱকৰ সৈতে গোপীকান্ত ৰায় নামৰ এজন বঙালী সম্প্ৰদায়ৰ যুৱকৰ কাজিয়া হয় ।

কাছাৰত হিন্দু-বঙালী লোকৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

খাচী যুৱককেইজনে গোপীকান্ত ৰায়ক আক্ৰমণ কৰি ঘৰত বন্দী কৰি থয়। লগতে তেওঁলোকৰ তিনিটা পৰিয়ালকে খোৱাপানী সংগ্ৰহৰ পৰা বঞ্চিত কৰে। বজাৰ কৰিবলৈ যোৱাত বাধা প্ৰদান কৰাৰ লগতে বিভিন্ন অত্যাচাৰ কৰে । সোমবাৰে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীসকলে অতি শীঘ্ৰে যুৱককেইজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।

কাছাৰক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈও আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। অন্যথা পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে । আনহাতে, ১৮ নৱেম্বৰৰ ঘটনাৰ পিছৰে পৰা জিলাখনৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মাছখাল খাচীয়া পুঞ্জীৰ কদমতলা অঞ্চলত বাস কৰা তিনিটা হিন্দু-বঙালী পৰিয়ালে নিৰাপত্তাহীনতাত ভুগিছে। খাচী সম্প্ৰদায় লোকে প্রাণে মৰাৰ ভাবুকি দিয়াত আতংকিত হৈ পৰিছে ।

লগতে পঢ়ক:ড্ৰাগছ সৰহবৰাহ কৰি গ্ৰেপ্তাৰ কৰি মাতৃ পুত্ৰ

ABOUT THE AUTHOR

...view details