নিউজ ডেস্ক, 26 জুন: চাৰিটা দিনৰ ভিতৰতে বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Barak valley)৷ দেওবাৰে শিলচৰ চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ স্থানীয় প্ৰশাসন আৰু উদ্ধাৰ অভিযানত ন্যস্ত লোকসকলক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
কাছাৰ জিলাৰ সদৰ তথা ৰাজ্যৰ দ্বিতীয় বৃহত্তম নগৰ শিলচৰৰ বৃহৎ অংশ যোৱা সোমবাৰৰ পৰা 5ৰ পৰা 8 ফুট পৰ্যন্ত পানীৰ তলত আছে ৷ দেওবাৰে বৰাক নদী পানীৰে উপচি পৰাৰ পাছত বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰে (Flood in Silchar)৷
দ্বিতীয়বাৰৰ বাবে বৰাকৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আকাশমাৰ্গেৰে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱা লোৱাৰ পাছত বৰাক উপত্যকা, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শীৰ্ষ বিষয়াসসকলৰ সৈতে আলোচনাত মিলিত হৈছিল ৷
দেওবাৰে শিলচৰৰ কেইবাটাও প্লাবিত অঞ্চল নাঁৱেৰে পৰিভ্ৰমণ কৰাৰ কালত মুখ্যমন্ত্ৰীগৰাকীক উপায়ুক্ত কীৰ্তি জাল্লিয়ে সংগ দিয়ে (Cachar district DC) ৷ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে পুনৰ বৰষুণ নাহে তেন্তে আগন্তুক 48 ঘণ্টাত শিলচৰৰ বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ৷
লগতে পঢ়ক:ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ